Inferiority Complex - An Assamese Article

Inferiority Complex মানে হ'ল কোনোবাৰ কিবা ভাল দেখিলে নিজক তাৰ লগত তুলনা কৰি নিজেই নিজক নিম্ন বুলি ভবা। Inferiority Complex সকলোৰে মনত কম বেছি পৰিমানে হলেও থাকে। ধৰাহ'ল কোনোবা দেখাত ধুনীয়া, কোনোবা ওখ, কোনোবা ধনী নাইবা কোনোবাৰ কিবা প্ৰতিভা আছে যিটো তোমাৰ নাই আৰু ইয়াকে লৈ নিজৰ লগত তুলনা কৰি চোৱা। কিন্তু সচাঁঅৰ্থত এই তুলনা একেবাৰে অযুক্তিকৰ। Inferiority Complexএ মানুহ এজনক হতাশাৰ পথলৈ ঠেলি নিয়ে। ফলত তেওঁ নিজৰ মাজতে ভাগি পৰে। ফলত বহুতে আত্মহত্যা পৰ্যন্ত কৰা দেখা যায়।

মই এই কথা কোৱা নাই যে মানুহৰ মাজত প্ৰতিযোগিতা থাকিব নালাগে। হয় লাগে, কিন্তু সকলো ক্ষেত্ৰতে নহয়। উদাহৰণস্বৰূপে মাছ এটাক যদি আমি গছত উঠিব দিওঁ সেইটো মূৰ্খামিৰ বাহিৰে আৰু একো নহয়। কাৰণ মাছৰ প্ৰতিভা হ'ল সাঁতোৰা। ঠিক তেনেদৰে সকলো মানুহে এই পৃথিৱীত নিজস্ব কিছুমান প্ৰতিভা লৈ জন্ম হৈছে। আৰু সকলোৰে প্ৰতিভা বেলেগ বেলেগ। গতিকে প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকি নিজৰ প্ৰতিভা বিকাশৰ বাবে যত্ন কৰিব লাগে। আৰু নিজেই নিজৰ অনুপ্ৰেৰণা হব লাগে।

জীৱনত সমস্যা থাকিবই, আৰু থকাটোও উচিত। কাৰণ সেই সমস্যাবোৰৰ পৰা হোৱা অভিজ্ঞতাই আগন্তুক সমস্যাবোৰৰ লগত যুঁজাৰ সাহস প্ৰদান কৰিব। এবাৰ কল্পনা কৰাচোন এটা সমস্যাহীন জীৱন। যিয়ে কেতিয়াও সমস্যাৰ সন্মুখীন হোৱা নাই। তেওঁ যদি কেতিয়াবা সমস্যাৰ মাজত সোমাই পৰে তেতিয়া তেওঁৰ সেই সমস্যাৰ পৰা ওলাই অহা খুবেই কঠিন হব। যেনেকৈ অ-আ, ক-খ নিশিকাকৈ বাক্য এটা লিখিব নোৱাৰা ঠিক তেনেকৈ সৰু সৰু সমস্যাৰ সন্মূখীন নোহোৱাকৈ ডাঙৰ সমস্যা এটা সমাধান কৰিব নোৱাৰা। কাৰণ সেই সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি সেই সৰু সৰু সমস্যাবোৰৰ পৰাই সৃষ্টি হব।

Comments

  1. দৰকাৰী প্ৰবন্ধ 👍

    ReplyDelete
  2. A motivational article that taught me-" we shouldn't complain of having problem instead we should try to find a solution" Thank you brother.

    ReplyDelete

Post a Comment

Popular posts from this blog

Universe: From Beginning to End - An Assamese Article

Alien - An Assamese Article