Alien - An Assamese Article



ইতিমধ্যে আমি কিছুমান কিতাপ নাইবা চিনেমাৰ জৰিয়তে এলিয়েনৰ ধাৰণা এটা পাইছোঁ। এলিয়েন(Alien) হ'ল বেলেগ গ্ৰহ নাইবা উপগ্ৰহৰ বাসিন্দা বা পৰগ্রহী। আমাৰ পৃথিৱীটো এনেকুৱা বহুকেইটা ঘটনাৰ উদ্ভৱ হৈছে যাৰ ফলত এলিয়েন নাইবা পৰগ্রহীৰ আভাষ পোৱা গৈছে। ইয়াৰে কেইটামান ঘটনা হ'ল অজ্ঞাত উৰণীয় বস্তু (Unidentified or Unknown Flying Object - UFO) দেখা পোৱা, নাইবা অজ্ঞাত জীবাষ্ম নাইবা পদচিহ্নৰ সন্ধান, আগতে নঘটা কিছু অদ্ভুত ঘটনা ইত্যাদি। কিন্তু এইবোৰ সচাকৈ পৰগ্রহীৰ অস্তিত্বৰ সংকেতনে আন কিবা সঠিককৈ কব নোৱাৰি।

আমাৰ ব্ৰহ্মাণ্ড ইমানেই বিশাল যে ইয়াক কল্পনা কৰাও অসম্ভৱ। ই চাৰিওফালে অসীমলৈ বিয়পি আছে সেয়েহে ইয়াক জুখি উলিওৱাও বৰ্তমান মানৱ প্ৰজন্মৰ বাবে এক প্ৰত্যাহ্বান। এই বিশাল ব্ৰহ্মাণ্ডত পৃথিৱী হ'ল এনেকুৱা এটা গ্ৰহ য'ত জীৱন আছে বা জীৱৰ অস্তিত্ব আছে। আৰু সেই জীৱবোৰৰ মাজত মানুহ বা আমি হলোঁ সবাতোকৈ উচ্চ প্ৰজাতিৰ জীৱ। মানুহে নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি পৃথিৱীৰ শ্ৰেষ্ঠত্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মানুহে হ'ল পৃথিৱীৰ একমাত্ৰ প্ৰাণী যি নিজৰ বুদ্ধি আৰু কৌশলৰ ফলত আজি ব্ৰহ্মাণ্ডৰ কিছুপৰিমানে হলেও ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে।

এতিয়া প্ৰশ্ন হয় যে এই বিশাল ব্ৰহ্মাণ্ডৰ কোনোবা নহয় কোনোবা কোণত কোনোবা নক্ষত্ৰৰ কোনোবা গ্ৰহত নাইবা উপগ্ৰহত পৃথিৱীৰ নিচিনা জীৱ থাকিব পাৰে যাক আমি এলিয়েন বা পৰগ্রহী বুলি কম। যদি এলিয়েন আছে সিহঁত কেনেকুৱানো? ইয়াৰ উত্তৰ হ'ল যদি তেনেকুৱা কোনোবা গ্ৰহত জীৱনৰ অস্তিত্ব আছে তেনেহলে তাৰ জীৱবোৰ বেলেগ বেলেগ আকাৰ বা প্ৰজাতিৰ হব পাৰে। হয়তো সিহঁত আমাতকৈ কম বুধিয়ক নাইবা বেছি বুধিয়ক, দুৰ্বল নাইবা শক্তিশালী, আকাৰত আমাতকৈ ডাঙৰ নাইবা সৰু নাইবা আমাৰ নিচিনাও হব পাৰে। আমি যেনেকৈ অক্সিজেন, পানী আৰু খাদ্যৰ সহায়ত জীয়াই থাকোঁ সিহঁতেও হয়তো আমাৰ নিচিনাই জীয়াই থাকে নাইবা সিহঁতে বেলেগ বস্তুৰ সহায়ত জীয়াই থাকে। এই সকলো কথা এতিয়া জনাটো সম্ভৱ নহয় কাৰণ মানুহে শক্তিশালী দূৰবীণযোগে নাইবা আন প্ৰযুক্তিৰ প্ৰয়োগ কৰি এই কথা এতিয়ালৈকে অনুমান কৰিব পৰা নাই। মানুহে মহাকাশলৈ যাত্ৰা কৰি এতিয়ালৈ কেৱল চন্দ্ৰতহে অৱতৰণ কৰিব পাৰিছে। আনকি পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহ মঙ্গল গ্ৰহত মানুহ অৱতৰণ কৰাৰ বাবে গৱেষণাহে কৰি থকা হৈছে কিন্তু ই এতিয়াও সম্ভৱ হৈ উঠা নাই। গতিকে আমি পৰগ্রহীৰ সন্ধানত ওলাই যোৱাটো এতিয়ালৈ সম্ভৱ নহয়।

আমি গম পালোঁ যে আমি এলিয়েনৰ সন্ধানত ওলাই যাব পৰা নাইবা ইয়াৰ পৰাই এলিয়েনৰ অস্তিত্বৰ ধৰা পেলাব পৰা যথেষ্ট প্ৰযুক্তি বৰ্তমান আমাৰ পৃথিৱীত হৈ উঠা নাই। এতিয়া প্ৰশ্ন হয় যদি কোনোবা পৰগ্রহী জীৱই পৃথিৱীৰ সন্ধান উলিয়াইছে, তেতিয়া? কোনোবা পৰগ্রহী জীৱই পৃথিৱীৰ সন্ধান উলিয়ালে কেইটামান কথালৈ মন কৰিবলগীয়া - প্ৰথম কথা, যেতিয়া কোনো পৰগ্রহী জীৱই কোনো প্ৰযুক্তি ব্যৱহাৰ কৰি পৃথিৱীৰ পিনে চাব তেতিয়া সিহঁতে পৃথিৱীৰ অতীত ৰূপটোহে দেখা পাব। ইয়াৰ কাৰণ বুজাবলৈ এটা উদাহৰণ লোৱা হ'ল পৃথিৱীখন সূৰ্যৰ পৰা প্ৰায় ১৫০ নিযুত কিলোমিটাৰ দূৰত্বত আছে। আৰু পোহৰৰ গতি প্ৰতিঘণ্টাত প্ৰায় ৩ লাখ কিলোমিটাৰ। সেয়েহে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ ৮মিনিট ২০চেকেণ্ড লাগে। অন্য ভাষাত কবলৈ গলে আমি দেখা সূৰ্য বা সূৰ্যৰ দৃশ্য ৮ মিনিট ২০ চেকেণ্ড পুৰণা। সেয়েহে আমাৰ পৰা হাজাৰ-হাজাৰ আলোকবৰ্ষ দূৰত থকা কোনো পৰগ্রহীয়ে পৃথিৱীলৈ চালে পৃথিৱীৰ হাজাৰ-হাজাৰ বছৰ আগৰ ৰূপটোহে দেখা পাব। তেতিয়া হয়তো পৃথিৱীত মানুহ নাছিলেই। সেই সময়ৰ পৃথিৱীত কিজানি আগৰ শ্ৰেণীৰ জীৱ যেনে ডাইন'চৰ(Dinoceros) ইত্যাদি আছিল। কিন্তু ইয়াত এটা কথা মন কৰিবলগীয়া যে যিহেতু সেই পৰগ্রহীবোৰ প্ৰযুক্তিত ইমানখিনি আগবাঢ়িছে আৰু আমাৰ অস্তিত্ব উলিয়াব পৰিছে গতিকে এইটোও সম্ভৱ যে সিহঁতে পৃথিৱীৰ ডাইন'চৰ থকা ৰূপটো দেখা পাইও আমাৰ আচল ৰূপটোৰ অনুমান লগাব পাৰে। এইবাৰ আহোঁ দ্বিতীয় কথালৈ, মানি ললোঁ সিহঁতে এনেকুৱা প্ৰযুক্তি বনাই ললে যাতে সিহঁতে আমাক পৰ্যবেক্ষণ কৰিব পাৰে। কিন্তু এনেকুৱাওটো হব পাৰে যে সিহঁতৰ ওচৰত পৃথিৱী আহিব পৰা তেনেকুৱা মহাকাশযান(Spaceship) নাথাকিবও পাৰে। আৰু যদি সিহঁতে তেনেকুৱা মহাকাশযান বনাই ললে কিন্তু তাৰ ইন্ধনো নাথাকিব পাৰে। ধৰা হ'ল সিহঁতে মহাকাশযানো বনাই দিলে আৰু সিহঁতৰ লগত পৃথিৱী আহিব পৰা পৰ্যাপ্ত ইন্ধনো আছে কিন্তু সকলো জীৱৰে সময়সীমা থাকে যে জীৱ এটা কিমানদিন জীয়াই থাকিব পাৰে। পৰগ্রহীবোৰৰ সময়সীমা সিহঁতৰ গ্ৰহৰ পৰা পৃথিৱীলৈ আহোতে লগা যাত্ৰাসময়তকৈ কমো হব পাৰে। এতিয়া তৃতীয় কথা, হব পাৰে যে সিহঁতে কেতিয়াবাই যাত্ৰা আৰম্ভ কৰিছে আৰু যাত্ৰাপথতে আছে। নাইবা এনেকুৱাও হব পাৰে যে সিহঁত কিবা দুৰ্ঘটনাগ্ৰস্থ হৈ শূণ্যত বিলীন হৈ গৈছে।

এতিয়া প্ৰশ্ন হয় যদি কোনোবা পৰগ্রহী আহি পৃথিবীত পদৰ্পণ কৰে তেতিয়া কি হব? বহু চিনেমাত চিনেমাৰ পৰিচালকে এলিয়েন চৰিত্ৰৰ ব্যৱহাৰ কৰিছে। কিছুমান চৰিত্ৰত সিহঁতক আমাৰ বন্ধু সজাইছে আৰু কিছুমান চৰিত্ৰত সিহঁতক আমাৰ শত্ৰু সজাইছে। কিন্তু এলিয়েনবোৰ আমাৰ বন্ধুনে শত্ৰু হব বাৰু? এই কথা বুজিবলৈ বৰ্তমান যুগৰ মহাকাশ বিজ্ঞানী ষ্টিফেন হকিঙে এটা যুক্তি দাঙি ধৰিছে - ইতিহাসৰ কথা এবাৰ সকীয়াই চালে গম পোৱা যায় যে আগৰ ৰজা মহাৰজাবোৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কেৱল আধিপত্য স্থাপন কৰিবলৈহে যাত্ৰা কৰিছিল। ঠিক তেনেদৰে এলিয়েনবোৰো যেতিয়া দূৰণিৰ গ্ৰহ বা উপগ্ৰহৰ পৰা আমাৰ পৃথিৱীলৈ আহিব, সিহঁতেও নিশ্চয় পৃথিৱীত সিহঁতৰ আধিপত্য স্থাপন কৰিবলৈহে আহিব। বহুত কম সম্ভাৱনা যে সিহঁতে আমাৰ লগত বন্ধুত্ব কৰিব। যিহেতু সিহঁতে দূৰণিৰ এটা গ্ৰহ বা উপগ্ৰহৰ পৰা যাত্ৰা কৰি আহি আমাৰ পৃথিৱী আহি পাইছে সেয়েহে অনুমান কৰিব পাৰো যে সিহঁত আমাতকৈ প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নত আৰু শক্তিশালী হব। বহু কম সম্ভাৱনা আছে যে সিহঁত আমাতকৈ দুৰ্বল হব। যদি এলিয়েনবোৰে আমাক আক্ৰমণৰ উদ্দেশ্যে আহে তেনেহলে সিহঁতৰ আক্ৰমণৰ প্ৰতিৰক্ষা কৰা আমাৰ হাতত অস্ত্ৰ নাথাকিব। ফলত দুইধৰণৰ সম্ভাৱনাই দেখা দিব - প্ৰথম, এলিয়েন আৰু মানুহৰ যুদ্ধত পৃথিৱী ধ্বংস হব। কাৰণ ইতিমধ্যে আমাৰ হাতত ইমানখিনি অস্ত্ৰ আছে যে আমি পৃথিৱীখন পলকতে ধ্বংস কৰিব পাৰো। দ্বিতীয়, সিহঁতে মানুহ আৰু আন প্ৰাণীবোৰ সিহঁতৰ অধীন কৰি লব আৰু গোটেই পৃথিৱীতে সিঁহতৰ আধিপত্য স্থাপন কৰিব।

মানুহ কৌতূহলী আৰু ৰোমাঞ্চপ্রিয়। সেয়েহে মানুহে এলিয়েন নাইবা তেনেকুৱা বস্তুৰ সন্ধানত দিন ৰাতি এক কৰি আছে। আৰু ইয়াৰ ফলতেই নতুন নতুন উদ্ভাৱন আমি পাবলৈ সক্ষম হৈছোঁ। আশা কৰিছোঁ আগলৈ এনেকুৱা প্ৰযুক্তিৰ সৃষ্টি হব যাৰ ফলত এলিয়েনৰ অস্তিত্বৰ কথা সাব্যস্ত হব আৰু সিহঁতৰ লগত যোগাযোগ সম্ভৱ হব। এতিয়ালৈকে যিহেতু এলিয়েনৰ অস্তিত্বৰ কথা কব নোৱাৰো সেয়েহে বৰ্তমান এলিয়েন আমাৰ বাবে ৰোমাঞ্চকৰ কাহিনীৰ এক চৰিত্ৰৰ নিচিনা।

(লিখনিটো "নতুন আৱিষ্কাৰ" আলোচনীৰ ২০১৮ চনৰ জুন মাহৰ সংখ্যাত প্ৰকাশ পাইছে।)

লিখক - ভাৰ্গৱ নাথ
ঠিকনা - সৰভোগ, বৰপেটা অসম
ফোন - ৭০৮৬২৯১৪৫১

Comments

Post a Comment

Popular posts from this blog

Universe: From Beginning to End - An Assamese Article

Inferiority Complex - An Assamese Article