Time Travel - An Assamese Article


যদি আমি সময় যাত্ৰা কৰিব পাৰিলোঁহেঁতেন তেতিয়া অতীতলৈ গৈ নিজে কৰা ভুলবোৰ শুধৰালোঁহেঁতেন আৰু ভৱিষ্যতলৈ গৈ নিজৰ ভৱিষ্যত চালোঁহেঁতেন। কিন্তু কি সময় যাত্ৰা সম্ভৱ? যদি বৈজ্ঞানিক দৃষ্টিৰে চোৱা যায় তেতিয়াহলে সময় যাত্ৰা সম্ভৱ। আমি সকলোৱে সময় যাত্ৰা কৰি আছো। আমি সকলোৱে অতীতৰ পৰা ওলাই আহি বৰ্তমান অৱস্থা পাই ভৱিষ্যতলৈ গতি কৰি আছোঁ। আৰু ইয়াকেই সময় যাত্ৰা কোৱা হয়। আমাৰ সময় যাত্ৰাৰ হাৰ হ'ল ঘণ্টাত প্ৰতিঘণ্টা। অন্য ভাষাত কবলৈ গ'লে আমি ভৱিষ্যতলৈ এক ঘণ্টা আগুৱাই যাবলৈ এঘণ্টাই সময় লাগে।

এতিয়া প্ৰশ্ন হয় যে সময় যাত্ৰাৰ হাৰ ঘণ্টাত প্ৰতিঘণ্টাতকৈ তীব্ৰ কৰিব পাৰিনে অন্যাৰ্থত আমি কম সময়ৰ অন্তৰালত ভৱিষ্যতলৈ গতি কৰিব পৰোঁনে? ইয়াৰ উত্তৰ হ'ল হয়। যেতিয়া আধুনিক যুগৰ বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ থিয়ৰী অব ৰিলেটিভিটি(Theory of Relativity) প্ৰকাশ পালে তেতিয়াৰ পৰাই মানুহে সময় যাত্ৰাৰ কল্পনা কৰা আৰম্ভ দিয়ে। আইনষ্টাইনৰ আগতে মানুহৰ মাজত এইটোৱে ধাৰণা আছিল যে ব্ৰহ্মাণ্ডৰ সকলো ঠাইতে সময়ৰ গতি একে। অৰ্থাৎ আমাৰ পৃথিৱীত যি গতিত সময় চলি আছে ঠিক তেনেদৰে দূৰণিৰ কোনোবা অন্য তাৰকাৰাজ্যৰ কোনো গ্ৰহটো সময় একে হাৰতে চলি থাকিব। কিন্তু আইনষ্টাইনে এই ধাৰণা ভুল প্ৰমাণ কৰি কয় যে সময় আৰু ব্ৰহ্মাণ্ড এটা আনটোৰ লগত জড়িত হৈ আছে। যাক স্পেছ টাইম(Space-time) কোৱা হয় যত সময়ক চতুৰ্থ মাত্ৰা নাইবা ফৰ্থ ডাইমেনচন(Fourth Dimension - 4D) বুলি কোৱা হয়। আৰু সময়ৰ গতিক কমাব আৰু বঢ়াব পাৰি। ব্ৰহ্মাণ্ডত বিভিন্ন ঠাইত সময় ভিন্ন গতিত চলি আছে। আইনষ্টাইনৰ স্পেছ টাইম সমীকৰণৰ মতে কোনো এটা বস্তু যিমান জোৰকৈ গতি কৰিব সেই বস্তুটোৰ বাবে সময় সিমানেই লাহে চলিব। যদি বস্তুটোৰ গতি কম হয় তেনেহলে সময়ৰ অন্তৰ অনুভৱ কৰিব পৰা নাযায়। সময়ৰ সেই অন্তৰ অনুভৱ কৰিবলৈ আমি পোহৰৰ গতিত যাত্ৰা কৰিব লাগিব নাইবা পোহৰৰ গতিৰ প্ৰায় ৯০% শতাংশতকৈ বেছি গতিত যাত্ৰা কৰিব লাগিব। যদি আমি পোহৰৰ গতিত যাত্ৰা কৰোঁ তেনেহলে আমাৰ বাবে সময় ৰৈ যাব। আৰু যদি আমি সময়ৰ গতিতকৈ বেছি গতিত যাত্ৰা কৰোঁ তেনেহলে আমি ভৱিষ্যতলৈ গতি কৰিম। 

বিগ বেং আৰু ব্লেক হ'লৰ নিচিনা ধাৰণাৰ ব্যাখ্যা দাঙি ধৰা বৰ্তমান যুগৰ মহান বিজ্ঞানী ষ্টিফেন হকিঙে সময় যাত্ৰাৰ বাবে আমাৰ পৃথিৱীৰ চাৰিওফালে এখন এনেকুৱা ট্ৰেইনৰ কল্পনা কৰিছে যাৰ গতি প্ৰায় সময়ৰ গতিৰ সমান। অৰ্থাৎ ট্ৰেইনখনে এক চেকেণ্ডত পৃথিৱীৰ চাৰিওফালে চাৰে সাত পাক ঘূৰিব। যাৰ ফলত সেই ট্ৰেইনখনৰ ভিতৰৰ যাত্ৰীৰ বাবে সময় প্ৰায় ৰৈ যাব। যদি ট্ৰেইনখনত যাত্ৰা কৰি থাকোতে ট্ৰেইনৰ বাহিৰৰ জগতত ১০ বছৰ পাৰ হৈ যায়। ট্ৰেইনৰ ভিতৰৰ যাত্ৰীবোৰে যেতিয়া ট্ৰেইনৰ বাহিৰ ওলাব তেতিয়া ১০ বছৰৰ পিছৰ পৃথিৱীখন দেখা পাব। কিন্তু ট্ৰেইনখন আৰু ট্ৰেইনৰ ভিতৰত থকা যাত্ৰীবোৰ ট্ৰেইনখনত উঠোতে যেনেকুৱা আছিল ঠিক তেনেকুৱাই থাকিব।

কিন্তু হকিংৰ এই ট্ৰেইন বনোৱা সম্ভৱ নহয়। কাৰণ বস্তু এটা যিমানেই গতিত গতি কৰে বস্তুটোৰ ভৰ সিমানেই বৃদ্ধি পায়। যেতিয়া ট্ৰেইনখনে পোহৰৰ গতিত গতি কৰিব তেতিয়া ট্ৰেইনখনৰ ভৰ প্ৰায় অসীম বা ইনফিনিটি(Infinity) হৈ পৰিব। আইনষ্টাইনৰ থিয়ৰী অব ৰিলেটিভিটিৰ বিশেষ সূত্ৰ E=mc2ৰ মতে অসীম ভৰৰ ট্ৰেইন এখন চলাবলৈ অসীম শক্তিৰ প্ৰয়োজন হব। আৰু অসীম শক্তিৰ যোগান ধৰা বৰ্তমান মানুহৰ কাৰণে অসম্ভৱ। কাৰণ ইমান শক্তি গোটেই ব্ৰহ্মাণ্ডতেই নাই। যদি আমি গোটেই ব্ৰহ্মাণ্ডৰ শক্তি আনি ট্ৰেইনখনত সুমুৱাই দিওঁ তেতিয়া চাগে এইটো কিছুদুৰলৈ সম্ভৱ। আৰু মানুহৰ শৰীৰৰ গঠন ইমান উন্নত নহয় যে মানুহৰ শৰীৰে ইমান গতি সহ্য কৰিব পাৰিব।

এতিয়া প্ৰশ্ন হয় যে যদি আমি পোহৰৰ গতিত চলা ট্ৰেইন বনাব নোৱাৰো তেনেহলে কি আমাৰ সময় যাত্ৰা কৰাৰ কোনো উপায় নাই? নিশ্চয় নহয়। ইয়াৰ বাহিৰেও বহুত থিয়ৰী আছে যাৰ ফলত সময় যাত্ৰা সম্ভৱ হব পাৰে। ইতিমধ্যে গম পালোঁ যে ব্ৰহ্মাণ্ডৰ বেলেগ ঠাইত সময়ৰ গতি বেলেগ। বস্তু এটাৰ মহাকৰ্ষণ শক্তি যিমানেই বেছি হয় সেই বস্তুটোত সময় সিমানেই লাহে গতি কৰে আৰু যত মহাকৰ্ষণ শক্তি কম তাত সময় বেছি বেগেৰে গতি কৰে। গতিকে আমি সময় ৰাখিবলৈ এনেকুৱা এটা বস্তুলৈ যাব লাগিব যাৰ মহাকৰ্ষণ শক্তি বহুগুনেই বেছি। তেনেকুৱা এটা বস্তু হ'ল ব্লেক হ'ল(Black Hole) বা কৃষ্ণগহ্বৰ। যাক প্ৰাকৃতিক টাইম মেচিন(Natural Time Machine) কোৱা হয়। যদি আমি কেনেবাকৈ ব্লেক হ'লৰ মহাকৰ্ষণ ক্ষেত্ৰত সোমাও তেনেহলে আমি ভৱিষ্যতলৈ গুচি যাম। কিন্তু এইটো তেতিয়াহে সম্ভৱ হব যেতিয়া আমাৰ লগত এনেকুৱা এখন যান থাকে যিখনে ব্লেক হ'লৰ মহাকৰ্ষনিক ত্বৰণৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড চাপ আৰু ঘৰ্ষন সহ্য কৰিব পাৰে। আৰু মানৱ শৰীৰকো তেনেকুৱা প্ৰশিক্ষন দিব লাগিব নাইবা তেনেকুৱা প্ৰযুক্তিৰ উদ্ভাৱন কৰিব লাগিব যাতে প্ৰচণ্ড গতি সহ্য কৰিব পাৰে।

সময়ৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তি জগতখনৰো উন্নতি সাধন হৈ আছে। যাৰ ফলত আমি অতীতে কল্পনা কৰিব নোৱাৰা কামবোৰো সম্ভৱ হৈ আহিছে। আশা কৰোঁ এদিন বিজ্ঞানে আমাক টাইম মেচিনৰ দৰে বস্তু এটা উপহাৰ দিব। কিন্তু বৰ্তমানলৈ সময় যাত্ৰা এক সপোনহে মাথোঁ।

(এই লিখনিটো "নতুন আৱিষ্কাৰ" আলোচনীত ২০১৮ চনৰ মে' মাহৰ খণ্ডত প্ৰকাশ পাইছে।)

Comments

Popular posts from this blog

Universe: From Beginning to End - An Assamese Article

Alien - An Assamese Article

Inferiority Complex - An Assamese Article