Universe: From Beginning to End - An Assamese Article


জুইৰ আবিষ্কাৰৰ লগে লগে মানুহে বিজ্ঞানৰ জৰিয়তে সভ্যতাৰ পথলৈ আগবাঢ়ি আহিছে। মানৱ সভ্যতাৰ মূলতেই হ'ল এচাম মানুহৰ নজনাটো জানিবলৈ থকা প্ৰবল আগ্ৰহ। আৰু তেনেকুৱা কিছুমান কৌতূহলী মানুহৰ কাৰণেই আজি আমি এই পৃথিৱী দেখা পাইছোঁ। আমাৰ সকলোৰে মনত কম বেছি পৰিমানে হলেও কৌতুহল আছে। আমাৰো মন যায় আমাৰ চাৰিওফালে হৈ থকা ঘটনাবোৰৰ আঁৰৰ ৰহস্য জানিবলৈ - আমাৰ অস্তিত্ব কি? আমি বাৰু কেনেকৈ সৃষ্টি হলোঁ? ৰাতিৰ আকাশত ইমানবোৰ তৰা ক'ৰ পৰা আহিল? ইত্যাদি ইত্যাদি।

আমাৰ বিশ্বব্ৰহ্মাণ্ড বৰ বিশাল, ইয়াৰ অনুমান কৰিবলৈ আমি ধৰি লও যে আমাৰ গাঁও বা চহৰখন অসমত আছে, আৰু অসম আছে ভাৰতবৰ্ষত, ঠিক তেনেদৰে ভাৰত আছে এছিয়া মহাদেশত, এছিয়া আছে পৃথিৱীত, পৃথিৱী সৌৰজগতত সূৰ্যৰ চাৰিওফালে ঘূৰে, সৌৰজগতখন আৰু তেনেকুৱা প্ৰায় হাজাৰ সৌৰজগত লগ হৈ গঠিত হৈছে হাতিপতি তাৰকাৰাজ্য আৰু এনেকুৱা প্ৰায় এশ বিলিয়ন তাৰকাৰাজ্য একেলগ হৈ গঠিত হৈছে আমাৰ এই বিশ্বব্ৰহ্মাণ্ড। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ তুলনাত আমি তেনেই নগণ্য।

বিগ-বেং থিয়ৰী (The Big-Bang Theory):
এতিয়া প্ৰশ্ন হয় ইমান বিশাল বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিনো কেনেকৈ হ'ল? বিজ্ঞানীবোৰৰ মতে ব্ৰহ্মাণ্ডৰ আৰম্ভণি এটা কণাৰ বিস্ফোৰণৰ পৰা হৈছিল যাক আমি বিগ-বেং (Big-Bang) বা অসমীয়াত মহানাদ বুলি জানোঁ। এই সুত্ৰটোকে বিগ-বেং থিয়ৰী (The Big-Bang Theory) বুলি কোৱা হয়। এতিয়া আকৌ প্ৰশ্ন হয় যে সেই কণাটোৰ বিস্ফোৰণ কিয় হ'ল আৰু এটা কণাৰ ভিতৰত গ্ৰহ, নক্ষত্ৰৰে আবৃত গোটেই বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ সোমাই থাকিব পাৰে? আৰু সেই কণাটোনো কি হয়? ইয়াৰ বিষয়ে আগলৈ আলোচনা কৰি যাম। প্ৰথমতে আমি বিগ বেং থিয়ৰীৰ কথা আলোচনা কৰি লওঁ। ইতিমধ্যে জনোৱা মতে ব্ৰহ্মাণ্ডৰ আৰম্ভণি এটা কণাৰ পৰা হৈছে। যেতিয়া কণাটোৰ বিস্ফোৰণ হৈছিল তেতিয়া সেই কণাটো বিভিন্ন টুকুৰাত বিভক্ত হৈ মহাশূন্যত বিয়পি পৰিছিল। আৰু সেই বিস্ফোৰণৰ ফলত যথেষ্ট তাপ উৎপন্ন হৈছিল আৰু সেই তাপ আছিল প্ৰায় 1.5×10^32 ডিগ্ৰী চেলচিয়াছ। এতিয়া কোনোবাৰ মনত প্ৰশ্ন উদয় হব পাৰে যে এই বিস্ফোৰণৰ ফলত যথেষ্ট পোহৰ নিৰ্গত হব পাৰে? কিন্তু নহয়, যেতিয়া ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল তেতিয়া পোহৰৰ কোনো অস্তিত্বই নাছিল। পিছলৈ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম পৰমাণু হাইড্ৰজেনৰ সৃষ্টি হয়। হাইড্ৰজেন আৰু বিগ বেংৰ ফলত নিৰ্গত হোৱা উষ্ম গেছীয় মেঘৰ মাজত বিক্ৰিয়া হৈ গোট খাই নক্ষত্ৰৰ সৃষ্টি হয়। নক্ষত্ৰ সৃষ্টিৰ ফলত ব্ৰহ্মাণ্ডত প্ৰথম পোহৰৰ সৃষ্টি হয়। নক্ষত্ৰবোৰ উত্তপ্ত আৰু অবিৰত হাইড্ৰজেনৰ দহণৰ ফলত সিহঁতে সকলো সময়তে তাপ আৰু পোহৰ শক্তিৰ যোগান ধৰিব পাৰে। যিহেতু নক্ষত্ৰবোৰ অতি উষ্ম আৰু তাৰ উপৰিভাগ অস্থিৰ সেইবাবে সময়ে সময়ে তাৰ পৰা কিছুমান জ্বলন্ত পিণ্ড নিৰ্গত হৈ থাকে। আৰু সেই জ্বলন্ত পিণ্ডবোৰেই এটা সময়ত গ্ৰহ, উপগ্ৰহ নাইবা আন কোনো ব্ৰহ্মাণ্ডৰ গতিশীল পদাৰ্থলৈ ৰূপান্তৰিত হয়। যেনে ধুমকেতু, উল্কাপিণ্ড ইত্যাদি।

আজিৰ পৰা প্ৰায় ৪৫০ কোটি বছৰ আগতে সূৰ্যৰ পৰা চিটিকি অহা এটা অগ্নিপিণ্ড তাপ, চাপ, গতি ইত্যাদিৰ প্ৰভাৱত ক্ৰমে চেঁচা হৈ আজিৰ আমাৰ পৃথিৱীৰ সৃষ্টি হৈছে। যেতিয়া পৃথিৱীৰ সৃষ্টি হৈছিল ই বহু উষ্ম আছিল আৰু সেইসময়ত নিজ অক্ষত ইয়াৰ গতি আছিল প্ৰায় ৮ ঘণ্টাত এপাক বা এদিনত ৮ ঘণ্টা। যেতিয়া ই চেঁচা হবলৈ ধৰে তেতিয়া ইয়াত হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটে আৰু মেঘৰ সৃষ্টি হয়। মেঘৰ সৃষ্টিত পৃথিৱীত প্ৰচণ্ড ধুমুহা, বতাহ-বৰষুণ হবলৈ ধৰে। আৰু গোটেই পৃথিৱীখন পানীৰে ডুব গৈ থাকে। পৃথিৱীখন যেতিয়া জীৱনৰ বাবে উপযোগী হৈ পৰে তেতিয়া পৃথিৱীত প্ৰথম এককোষী জীৱ এমিবা, বেক্টেৰিয়া, পেৰমেচিয়াম ইত্যাদিৰ সৃষ্টি হৈছিল। যিহেতু পৃথিৱী প্ৰথম অৱস্থাত পানীৰে আবৃত আছিল সেইবাবে পৃথিৱীৰ প্ৰথম উচ্চ শ্ৰেণীৰ জীৱ আছিল মৎস্য প্ৰজাতিৰ জীৱবিলাক আৰু সাগৰৰ তলিত গজা উদ্ভিদবিলাক। তাৰ পিছত ক্ৰমে উভচৰ, সৰীসৃপ, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ সৃষ্টি হয়।

আমি জানোঁ যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। ইয়াৰ কাৰণ হ'ল মহাকৰ্ষন বল। উনৈছ শতিকাৰ জনপ্ৰিয় বিজ্ঞানী ছাৰ আইজাক নিউটনে তেওঁৰ বিশ্বজনীন মহাকৰ্ষন সূত্ৰত কৈছিল যে ব্ৰহ্মাণ্ডত থকা সকলো বস্তুৱে সকলো বস্তুক আকৰ্ষণ কৰে। নিউটনৰ এই সূত্ৰত তেওঁ কেৱল আকৰ্ষণৰ কথা আৰু সেই আকৰ্ষণ বলৰ পৰিমাণ জোখা সূত্ৰহে দাঙি ধৰিছিল। কিন্তু কিয় আকৰ্ষণ কৰে এই কথা কোৱা নাছিল। পিছলৈ আধুনিক যুগৰ মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে তেওঁৰ স্পেছ টাইম থিয়ৰী (Space-time Theory)ত ইয়াৰ কাৰণ দৰ্শায়। স্পেছ টাইম থিয়ৰীত আইনষ্টাইনে ব্ৰহ্মাণ্ডখন এখন নেট বা জালৰ লগত তুলনা কৰিছে। তেওঁৰ মতে ব্ৰহ্মাণ্ডৰ সকলো বস্তু গ্ৰহ, নক্ষত্ৰ ইত্যাদি সেই জালখনৰ ওপৰতে গতি কৰি আছে। ইয়াক বুজিবলৈ এটা উদাহৰণৰ সহায় লোৱা হওঁক - ধৰাহ'ল এখন কাপোৰ টানি তাত দুটা গোলাকাৰ বস্তু ৰখা হ'ল, তাৰে এটা ওজন আৰু এটা পাতল। যেতিয়া ওজন বস্তুটোৱে কাপোৰখন তলফালে ঠেলি নিব তেতিয়া পাতল বস্তুটো ওজন বস্তুটোৰ ফালে গতি কৰিব। ঠিক তেনেদৰে ব্ৰহ্মাণ্ডত থকা ওজন বস্তু যেনে নক্ষত্ৰই পাতল বস্তু গ্ৰহ আৰু ঠিক তেনেদৰে গ্ৰহই উপগ্ৰহক নিজৰ ফালে আকৰ্ষণ কৰে। আৰু যিহেতু ব্ৰহ্মাণ্ডৰ সকলো বস্তু গতিশীল সেয়েহে সিহঁতৰ গতিৰ বাবে নক্ষত্ৰই গ্ৰহক আৰু গ্ৰহই উপগ্ৰহক নিজৰ পিনে টানি আনিব নোৱাৰে। ফলত গ্ৰহই নক্ষত্ৰৰ চাৰিওফালে আৰু উপগ্ৰহই গ্ৰহৰ চাৰিওফালে এক নিৰ্দিষ্ট কক্ষত ঘূৰে।

ব্লেক হ'ল (Black Hole):
আমাৰ ব্ৰহ্মাণ্ডত এনেকুৱা এবিধ বস্তু আছে যাৰ মহাকৰ্ষণ বল বহুগুনেই বেছি। এই বস্তুটোৰ নাম হ'ল ব্লেক হ'ল (Black Hole) বা অসমীয়াত কৃষ্ণগহ্বৰ। কিন্তু কি এই কৃষ্ণগহ্বৰ, ইয়াৰ সৃষ্টি কেনেকৈ হ'ল? ইয়াৰ উত্তৰত মহাকাশ বিজ্ঞানী ষ্টিফেন ৱিলিয়াম হকিঙে কয় যে ব্লেক হ'ল বা কৃষ্ণগহ্বৰ হ'ল ব্ৰহ্মাণ্ডৰ একোটা কলা দাগ (Dark Space)। ইয়াৰ সৃষ্টিৰ আঁৰৰ কাহিনী হ'ল - নক্ষত্ৰ এটাই হাইড্ৰজেন-হাইড্ৰজেন দহণ ঘটাই হিলিয়াম উৎপন্ন কৰি তাপ আৰু পোহৰ বিলায়। হাইড্ৰজেনৰ পৰা হিলিয়াম উৎপন্ন কৰা এই বিক্ৰিয়াটোক ফিউজন (Fusion) বোলা হয়। আৰু ফিউজন বিক্ৰিয়াৰ ফলত নক্ষত্ৰ এটাই ইয়াৰ আভ্যন্তৰীণ আৰু বাহ্যিক স্থিৰতা (stability) বজাই ৰাখে। যদি বহু বিলিয়ন বছৰ পিছত এনেকুৱা এটা সময় আহে য'ত নক্ষত্ৰ এটাৰ মূল ইন্ধন হাইড্ৰজেনৰ পৰিমাণ কমি যায় তেতিয়া নক্ষত্ৰটোৰ ফিউজন বিক্ৰিয়া কমকৈ হব। পিছলৈ এটা সময় আহিব যেতিয়া হাইড্ৰজেনৰ পৰিমাণ একেবাৰে নাইকিয়া হৈ যাব আৰু ফিউজন নহব। যিহেতু ফিউজন বিক্ৰিয়াই নক্ষত্ৰ এটাৰ আভ্যন্তৰীণ আৰু বাহ্যিক স্থিৰতা বজাই ৰাখে সেয়েহে ফিউজনৰ অভাৱত নক্ষত্ৰটো অস্থিৰ (unstable) হৈ পৰিব। ফলত নক্ষত্ৰটোত এক বিস্ফোৰণৰ সৃষ্টি হব যাৰ নাম দিয়া হৈছে চুপাৰ নভা (Super Nova)। আৰু এই চুপাৰ নভাৰ ফলত নক্ষত্ৰটোৰ বাহ্যিক অংশ ব্ৰহ্মাণ্ডত চিটিকি পৰিব আৰু আভ্যন্তৰীণ অংশ সংকুচিত হৈ নক্ষত্ৰটো নিউট্ৰন ষ্টাৰ (Neutron Star)লৈ ৰূপান্তৰিত হব। নিউট্ৰন ষ্টাৰটো পিছলৈ এনেদৰে সংকুচিত হৈ হৈ ইয়াৰ ঘনত্ব বাঢ়ি যাব। ঘনত্ব বৃদ্ধিৰ ফলত ইয়াৰ মহাকৰ্ষণ বলো বৃদ্ধি হব। কাৰণ পদাৰ্থ এটাৰ ঘনত্ব যিমানেই বৃদ্ধি হয় সিমানেই তাৰ মহাকৰ্ষণ বলো বৃদ্ধি পায়। পিছলৈ এনেকুৱা এটা পৰ্যায় পাব যে ইয়াৰ মহাকৰ্ষণ বল বহুগুনেই বাঢ়ি যাব আৰু ইয়াৰ মহাকৰ্ষনিক ত্বৰণ (Gravitational Acceleration)ৰ ফলত সৃষ্টি হোৱা গতিৰ লগত পোহৰৰ গতিও পাট্টা নাপাব। যাৰ ফলত তাৰ ভিতৰলৈ যোৱা পোহৰ আৰু উভতি আহিব নোৱাৰিব। যিহেতু আমি কোনো এটা বস্তুত পোহৰ পৰি প্ৰতিফলিত হৈ সেই পোহৰ আমাৰ চকুত পৰা বাবেহে আমি সেই বস্তুটো দেখোঁ। কিন্তু এইক্ষেত্ৰত যিহেতু পোহৰ এবাৰ সোমালে আৰু ওলাই নাহে। সেইবাবে আমি সেই বস্তুটো অদৃশ্য নাইবা কলা দেখিম। আৰু নিউট্ৰন ষ্টাৰটোৰ এই অৱস্থাটোৱে এটি নতুন বস্তুৰ সৃষ্টি কৰিব, সেয়া হ'ল ব্লেক হ'ল বা কৃষ্ণগহ্বৰ, য'ত পোহৰৰো অস্তিত্ব নাই। কৃষ্ণগহ্বৰৰ কেন্দ্ৰটোত বহুপৰিমানৰ ভৰ সঞ্চিত হৈ থাকে, আৰু ই অসীমভাৱে সৰু হয় আৰু তাৰ ঘনত্বও অসীম। কৃষ্ণগহ্বৰৰ এই কেন্দ্ৰটোক এককত্ব (Singularity) বুলি কোৱা হয়। আৰু অসীমভাৱে স্পেছ-টাইম (Space-time) বক্র (curve) হোৱা বাবে তাত আমি জনা ভৌতিক বিজ্ঞানৰ কোনো সূত্ৰই কাম নকৰে।

এতিয়া প্ৰশ্ন হ'ল যদি ব্লেক হ'ল বা কৃষ্ণগহ্বৰ অদৃশ্য তেনেহলে মহাকাশত আমি ইয়াক কেনেকৈ চিনি পাম? আচলতে কৃষ্ণগহ্বৰ সম্পূৰ্ণৰূপে কলা নহয়। কৃষ্ণগহ্বৰ পিনে আকৰ্ষিত হৈ গতি কৰা উজ্জ্বল পদাৰ্থবোৰে কৃষ্ণগহ্বৰৰ চাৰিওফালে এটা উজ্জ্বল আৱৰণৰ সৃষ্টি কৰে যাৰ বাবে আমি কৃষ্ণগহ্বৰটোৰ চাৰিওফাল উজ্জ্বল দেখা পাওঁ আৰু মাজৰ ঠাইখিনি কলা দেখোঁ।

হকিঙ ৰেডিয়েচন (Hawking Radiaton):
কৃষ্ণগহ্বৰ হ'ল ব্ৰহ্মাণ্ডৰ একোটা দৈত্যৰ নিচিনা ই নিজৰ মহাকৰ্ষণ ক্ষেত্ৰ (Gravitational Field)লৈ অহা সকলো বস্তুকে পলকতে খাই পেলায় বা নাইকিয়া কৰি দিয়ে। কৃষ্ণগহ্বৰৰ মহাকৰ্ষণ ক্ষেত্ৰখনক ইভেণ্ট হৰিজন (Event Horizon) বুলি জনা যায়। ই কৃষ্ণগহ্বৰৰ প্ৰৱেশদুৱাৰ। ইভেণ্ট হৰিজনৰ বাহিৰত থকা বস্তুক কৃষ্ণগহ্বৰে আকৰ্ষণ কৰিব নোৱাৰে। কিন্তু যেতিয়াই কোনো বস্তু ইয়াৰ কাষ পায় কৃষ্ণগহ্বৰে তাক পলকতে টানি নিয়ে। যিহেতু কৃষ্ণগহ্বৰত পোহৰৰে অস্তিত্ব নাই গতিকে তাত সোমোৱা বস্তু ওলাই অহা প্ৰায় অসম্ভৱ। যদি অসম্ভৱ, তেনেহলে হকিং ৰেডিয়েচনৰ সত্যতা কি? ইয়াৰ বিষয়ে জানিব লাগিলে আমি জানিব লাগিব পদাৰ্থ বিজ্ঞানৰ কোৱান্টাম মেকানিক্স (Quantum Mechanics)ৰ কথা। কোৱাণ্টাম মেকানিক্সৰ মতে ব্ৰহ্মাণ্ডৰ কোনো ঠাই শূন্য নহয় বা ব্ৰহ্মাণ্ডৰ কতো খালি ঠাই নাই। কোৱান্টাম মেকানিক্সৰ মতে সকলো ঠাইতে দুই ধৰণৰ বস্তু থাকে পাৰ্টিকেল (particle) আৰু এন্টিপাৰ্টিকেল (antiparticle) ইয়াৰে পাৰ্টিকেল হ'ল ধনাত্মক ধৰ্মযুক্ত আৰু এন্টিপাৰ্টিকেল ঋণাত্মক ধৰ্মযুক্ত। আৰু এই বিপৰীত ধৰ্মৰ ফলত এই দুইধৰণৰ পদাৰ্থ ওচৰা-ওচৰিকৈ থাকিলে একেলগ হয়। পাৰ্টিকেল আৰু এন্টিপাৰ্টিকেল একলগ হলে এক বিস্ফোৰণ হয় আৰু প্ৰচণ্ড শক্তি উৎপন্ন হয়। কিন্তু যেতিয়া ইভেণ্ট হৰিজনৰ ভিতৰত পাৰ্টিকেল আৰু এন্টিপাৰ্টিকেল থাকে তেতিয়া সিহঁত একেলগ হোৱাৰ আগতেই ঋণাত্মক ধৰ্মযুক্ত এন্টিপাৰ্টিকেল কৃষ্ণগহ্বৰৰ প্ৰৱল মহাকৰ্ষণ শক্তিৰ ফলত কৃষ্ণগহ্বৰৰ পিনে গতি কৰি কৃষ্ণগহ্বৰৰ লগত যোগ হয়। এতিয়া ধনাত্মক ধৰ্মযুক্ত পাৰ্টিকেলবোৰ যিহেতু এন্টিপাৰ্টিকেলৰ লগত লগ লাগিব নাপালে। সেইবাবে সিহঁতে বিপৰীতমুখে গতি কৰে বা কৃষ্ণগহ্বৰৰ পৰা চিটিকি যায়। ইয়াকে কোৱা হয় হকিং ৰেডিয়েচন। ইয়াৰ ফলত কৃষ্ণগহ্বৰৰ চাৰিওফালে এক্স-ৰে (x-ray) বিশেষকৈ গামা-ৰে (gamma-ray) নিৰ্গত হয়। এক্স-ৰে শক্তিশালী দূৰবীণযোগে দৃশ্যমান, যাৰ ফলত শক্তিশালী দূৰবীণযোগে চালে কৃষ্ণগহ্বৰৰ অস্তিত্বৰ কথা জানিব পৰা যায়। আনহাতে ঋণাত্মক ধৰ্মযুক্ত এন্টিপাৰ্টিকেল কৃষ্ণগহ্বৰত লগ লাগি লাগি কৃষ্ণগহ্বৰটোৰ ভৰ হ্ৰাস পায়। কাৰণ এন্টিপাৰ্টিকেলবোৰ ঋণাত্মক ধৰ্মযুক্ত, সেয়েহে সিহঁতৰ ভৰো ঋণাত্মক। আৰু মহাকৰ্ষণ শক্তিয়ে সিহঁতক প্ৰচণ্ড জোৰে কেন্দ্ৰলৈ টানি থকা বাবে কৃষ্ণগহ্বৰৰ ঘনত্ব বাঢ়ি যায় আৰু আকাৰ কমি যায় যাৰ ফলত ই এক চৰম অৱস্থা পায়গৈ। এই অৱস্থাত কৃষ্ণগহ্বৰটোৰ উত্তাপ বহুগুণে বাঢ়ি যায়। যাৰ ফলত এটা সময়ত কৃষ্ণগহ্বৰত এক প্ৰকাণ্ড বিস্ফোৰণৰ সৃষ্টি হয়। যিহেতু শক্তিৰ কোনো সৃষ্টি বা বিনাশ নাই সেয়েহে এই বিস্ফোৰণৰ পিছত কৃষ্ণগহ্বৰত সঞ্চিত হৈ থকা শক্তি আকৌ ব্ৰহ্মাণ্ডই ঘূৰাই পায়। ইয়েই হ'ল এখন ব্ৰহ্মাণ্ডৰ পৰিসমাপ্তি আৰু আন এখন ব্ৰহ্মাণ্ডৰ আৰম্ভণি।

(লিখনিটো "নতুন আৱিষ্কাৰ" আলোচনীৰ ২০১৮ চনৰ জুলাই মাহৰ সংখ্যাত প্ৰকাশ পাইছে। সেই লিখনিটোৱে ব্লগত আপলোড কৰাৰ সময়ত কিছুমান নতুন তথ্য সন্নিবিষ্ট কৰা হৈছে।)

লিখক - ভাৰ্গৱ নাথ,
ঠিকনা - সৰভোগ, বৰপেটা, অসম
ফোন - ৭০৮৬২৯১৪৫১

Comments

  1. Replies
    1. Thank you sir. If you like this article please share to other person...

      Delete
  2. It's informative and easy to understand 👍

    ReplyDelete
    Replies
    1. Thank you. I'll come with more article like this if I will be getting support like this.

      Delete
  3. Replies
    1. ধন্যবাদ। এনেদৰে সঁহাৰি পাই থাকিলে আৰু লিখি যাম।

      Delete
  4. Black hole theory i still remember i lied to you searching google..and u explained me about black hole theory and today it revised me with extra knowledge about "HAWKING RADIATION " Thank you and hoping to read more article like this .🙂

    ReplyDelete
    Replies
    1. Thank you. I will try to bring more content like this.

      Delete

Post a Comment

Popular posts from this blog

Alien - An Assamese Article

Inferiority Complex - An Assamese Article