Posts

Showing posts from April, 2020

Alien - An Assamese Article

Image
ইতিমধ্যে আমি কিছুমান কিতাপ নাইবা চিনেমাৰ জৰিয়তে এলিয়েনৰ ধাৰণা এটা পাইছোঁ। এলিয়েন(Alien) হ'ল বেলেগ গ্ৰহ নাইবা উপগ্ৰহৰ বাসিন্দা বা পৰগ্রহী। আমাৰ পৃথিৱীটো এনেকুৱা বহুকেইটা ঘটনাৰ উদ্ভৱ হৈছে যাৰ ফলত এলিয়েন নাইবা পৰগ্রহীৰ আভাষ পোৱা গৈছে। ইয়াৰে কেইটামান ঘটনা হ'ল অজ্ঞাত উৰণীয় বস্তু (Unidentified or Unknown Flying Object - UFO) দেখা পোৱা, নাইবা অজ্ঞাত জীবাষ্ম নাইবা পদচিহ্নৰ সন্ধান, আগতে নঘটা কিছু অদ্ভুত ঘটনা ইত্যাদি। কিন্তু এইবোৰ সচাকৈ পৰগ্রহীৰ অস্তিত্বৰ সংকেতনে আন কিবা সঠিককৈ কব নোৱাৰি। আমাৰ ব্ৰহ্মাণ্ড ইমানেই বিশাল যে ইয়াক কল্পনা কৰাও অসম্ভৱ। ই চাৰিওফালে অসীমলৈ বিয়পি আছে সেয়েহে ইয়াক জুখি উলিওৱাও বৰ্তমান মানৱ প্ৰজন্মৰ বাবে এক প্ৰত্যাহ্বান। এই বিশাল ব্ৰহ্মাণ্ডত পৃথিৱী হ'ল এনেকুৱা এটা গ্ৰহ য'ত জীৱন আছে বা জীৱৰ অস্তিত্ব আছে। আৰু সেই জীৱবোৰৰ মাজত মানুহ বা আমি হলোঁ সবাতোকৈ উচ্চ প্ৰজাতিৰ জীৱ। মানুহে নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি পৃথিৱীৰ শ্ৰেষ্ঠত্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মানুহে হ'ল পৃথিৱীৰ একমাত্ৰ প্ৰাণী যি নিজৰ বুদ্ধি আৰু কৌশলৰ ফলত আজি ব্ৰহ্মাণ্ডৰ কিছুপৰিমানে হলেও ৰহস্য ভেদ

Universe: From Beginning to End - An Assamese Article

Image
জুইৰ আবিষ্কাৰৰ লগে লগে মানুহে বিজ্ঞানৰ জৰিয়তে সভ্যতাৰ পথলৈ আগবাঢ়ি আহিছে। মানৱ সভ্যতাৰ মূলতেই হ'ল এচাম মানুহৰ নজনাটো জানিবলৈ থকা প্ৰবল আগ্ৰহ। আৰু তেনেকুৱা কিছুমান কৌতূহলী মানুহৰ কাৰণেই আজি আমি এই পৃথিৱী দেখা পাইছোঁ। আমাৰ সকলোৰে মনত কম বেছি পৰিমানে হলেও কৌতুহল আছে। আমাৰো মন যায় আমাৰ চাৰিওফালে হৈ থকা ঘটনাবোৰৰ আঁৰৰ ৰহস্য জানিবলৈ - আমাৰ অস্তিত্ব কি? আমি বাৰু কেনেকৈ সৃষ্টি হলোঁ? ৰাতিৰ আকাশত ইমানবোৰ তৰা ক'ৰ পৰা আহিল? ইত্যাদি ইত্যাদি। আমাৰ বিশ্বব্ৰহ্মাণ্ড বৰ বিশাল, ইয়াৰ অনুমান কৰিবলৈ আমি ধৰি লও যে আমাৰ গাঁও বা চহৰখন অসমত আছে, আৰু অসম আছে ভাৰতবৰ্ষত, ঠিক তেনেদৰে ভাৰত আছে এছিয়া মহাদেশত, এছিয়া আছে পৃথিৱীত, পৃথিৱী সৌৰজগতত সূৰ্যৰ চাৰিওফালে ঘূৰে, সৌৰজগতখন আৰু তেনেকুৱা প্ৰায় হাজাৰ সৌৰজগত লগ হৈ গঠিত হৈছে হাতিপতি তাৰকাৰাজ্য আৰু এনেকুৱা প্ৰায় এশ বিলিয়ন তাৰকাৰাজ্য একেলগ হৈ গঠিত হৈছে আমাৰ এই বিশ্বব্ৰহ্মাণ্ড। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ তুলনাত আমি তেনেই নগণ্য। বিগ-বেং থিয়ৰী (The Big-Bang Theory): এতিয়া প্ৰশ্ন হয় ইমান বিশাল বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিনো কেনেকৈ হ'ল? বিজ্ঞানীবোৰৰ মতে ব্ৰহ্মাণ্ডৰ আৰম্ভণি এটা