Posts

Showing posts from January, 2020

Inferiority Complex - An Assamese Article

Image
Inferiority Complex মানে হ'ল কোনোবাৰ কিবা ভাল দেখিলে নিজক তাৰ লগত তুলনা কৰি নিজেই নিজক নিম্ন বুলি ভবা। Inferiority Complex সকলোৰে মনত কম বেছি পৰিমানে হলেও থাকে। ধৰাহ'ল কোনোবা দেখাত ধুনীয়া, কোনোবা ওখ, কোনোবা ধনী নাইবা কোনোবাৰ কিবা প্ৰতিভা আছে যিটো তোমাৰ নাই আৰু ইয়াকে লৈ নিজৰ লগত তুলনা কৰি চোৱা। কিন্তু সচাঁঅৰ্থত এই তুলনা একেবাৰে অযুক্তিকৰ। Inferiority Complexএ মানুহ এজনক হতাশাৰ পথলৈ ঠেলি নিয়ে। ফলত তেওঁ নিজৰ মাজতে ভাগি পৰে। ফলত বহুতে আত্মহত্যা পৰ্যন্ত কৰা দেখা যায়। মই এই কথা কোৱা নাই যে মানুহৰ মাজত প্ৰতিযোগিতা থাকিব নালাগে। হয় লাগে, কিন্তু সকলো ক্ষেত্ৰতে নহয়। উদাহৰণস্বৰূপে মাছ এটাক যদি আমি গছত উঠিব দিওঁ সেইটো মূৰ্খামিৰ বাহিৰে আৰু একো নহয়। কাৰণ মাছৰ প্ৰতিভা হ'ল সাঁতোৰা। ঠিক তেনেদৰে সকলো মানুহে এই পৃথিৱীত নিজস্ব কিছুমান প্ৰতিভা লৈ জন্ম হৈছে। আৰু সকলোৰে প্ৰতিভা বেলেগ বেলেগ। গতিকে প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকি নিজৰ প্ৰতিভা বিকাশৰ বাবে যত্ন কৰিব লাগে। আৰু নিজেই নিজৰ অনুপ্ৰেৰণা হব লাগে। জীৱনত সমস্যা থাকিবই, আৰু থকাটোও উচিত। কাৰণ সেই সমস্যাবোৰৰ পৰা হোৱা অভিজ্ঞতাই আগন্তুক সমস্যাবোৰৰ লগত

Emoji: A Short Story - Assamese

Image
যেতিয়া প্ৰথম Short Message Service (SMS)ৰ আৰম্ভণি হয়, তেতিয়া ধাৰণা হৈছিল যে বহু ভাৱনা ভাষাৰ সহায়ত প্ৰকাশ কৰিব নোৱাৰি। কিছুমান ভাৱনা প্ৰকাশৰ বাবে বিশেষ ভঙ্গীমাৰ প্ৰয়োজন। সেইবাবে মানুহে সাংকেতিক চিহ্নৰৰে ভঙ্গীমা তৈয়াৰ কৰিছিল। যেনেকৈ ":-)" ৰে সুখ, ":-(" ৰে দুখ। ইয়াত পঠালিকৈ ":" ৰে চকু দুটা "-" ৰে নাকটো আৰু ")" বা "(" ৰে মুখ খন বুজোৱা হয়। কিন্তু পিছলৈ অনুভৱ হয় যে ভঙ্গীমা এটা বুজাবলৈ নাকটোৰ প্ৰয়োজন নহয়, সেয়েহে "-" চিহ্নটো পিছলৈ গুচাই দিয়া হয়। এনেকৈয়ে ইমজি(Emoji)ৰ সৃষ্টি হৈছিল। আজিকালিৰ Emojiবোৰ এই চিহ্নবোৰোৰেই ডিজিটেল(Digital) ৰূপ।