Posts

Showing posts from June, 2021

Time Travel - An Assamese Article

Image
যদি আমি সময় যাত্ৰা কৰিব পাৰিলোঁহেঁতেন তেতিয়া অতীতলৈ গৈ নিজে কৰা ভুলবোৰ শুধৰালোঁহেঁতেন আৰু ভৱিষ্যতলৈ গৈ নিজৰ ভৱিষ্যত চালোঁহেঁতেন। কিন্তু কি সময় যাত্ৰা সম্ভৱ? যদি বৈজ্ঞানিক দৃষ্টিৰে চোৱা যায় তেতিয়াহলে সময় যাত্ৰা সম্ভৱ। আমি সকলোৱে সময় যাত্ৰা কৰি আছো। আমি সকলোৱে অতীতৰ পৰা ওলাই আহি বৰ্তমান অৱস্থা পাই ভৱিষ্যতলৈ গতি কৰি আছোঁ। আৰু ইয়াকেই সময় যাত্ৰা কোৱা হয়। আমাৰ সময় যাত্ৰাৰ হাৰ হ'ল ঘণ্টাত প্ৰতিঘণ্টা। অন্য ভাষাত কবলৈ গ'লে আমি ভৱিষ্যতলৈ এক ঘণ্টা আগুৱাই যাবলৈ এঘণ্টাই সময় লাগে। এতিয়া প্ৰশ্ন হয় যে সময় যাত্ৰাৰ হাৰ ঘণ্টাত প্ৰতিঘণ্টাতকৈ তীব্ৰ কৰিব পাৰিনে অন্যাৰ্থত আমি কম সময়ৰ অন্তৰালত ভৱিষ্যতলৈ গতি কৰিব পৰোঁনে? ইয়াৰ উত্তৰ হ'ল হয়। যেতিয়া আধুনিক যুগৰ বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ থিয়ৰী অব ৰিলেটিভিটি(Theory of Relativity) প্ৰকাশ পালে তেতিয়াৰ পৰাই মানুহে সময় যাত্ৰাৰ কল্পনা কৰা আৰম্ভ দিয়ে। আইনষ্টাইনৰ আগতে মানুহৰ মাজত এইটোৱে ধাৰণা আছিল যে ব্ৰহ্মাণ্ডৰ সকলো ঠাইতে সময়ৰ গতি একে। অৰ্থাৎ আমাৰ পৃথিৱীত যি গতিত সময় চলি আছে ঠিক তেনেদৰে দূৰণিৰ কোনোবা অন্য তাৰকাৰাজ্যৰ কোনো গ্ৰহটো সময় একে হাৰতে চলি থাক